বোকাজানঃ কৰ’নাক লৈ চৌদিশে আতংক অব্যাহত থকাৰ মাজতে বোকাজানত বুধবাৰে সংঘটিত হৈছে চিকিৎসকৰ দৰে পৱিত্ৰ বৃত্তিক কলংকিত কৰা এক ঘটনা। অভিযোগ অনুসৰি বোকাজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ এজন চিকিৎসকে চিকিৎসাৰ বাবে যোৱা এগৰাকী যুৱতী ৰোগীক যৌন আতিশয্য চলায়। 

যি সময়ত কৰ'নাৰ সৈতে যুদ্ধখনত চিকিৎসকসকলক বিশেষ মৰ্যাদা দিয়া হৈছে সেই সময়তে এই কাণ্ডই বোকাজানবাসীৰ চকু কপালত তুলিছে। ঘটনাৰ বিৱৰণী অনুসৰি যুৱতীগৰাকীয়ে চিকিৎসাৰ বাবে আজি দিনৰ প্ৰায় ১১ বজাত বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ হোমিও বিভাগৰ শ্বেখ আহমেদ আলি কাদাৰীয়া নামৰ চিকিৎসকজনৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিবলৈ আহে। 

চিকিৎসকজনে নিজ কোঠাত কোনো অভিভাৱক অথবা নাৰ্ছৰ অনুপস্থিতিত যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰিছিল বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে। নিকৃষ্ট মানসিকতাৰ লম্পটৰূপী চিকিৎসক কাদাৰীয়াই কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ চলেৰে গোপন অংশত স্পৰ্শ কৰাৰ লগতে যৌন আতিশৰ্য্য চলাই নিজ কু-চৰিতাৰ্থ পূৰণৰ চেষ্টা চলাইছিল বুলিও জনায় যুৱতীগৰাকীয়ে। 

যুৱতীগৰাকীয়ে বাৰে বাৰে তেওঁক তেনে আচৰণ নকৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই অহা স্বত্তেও লম্পটৰূপী চিকিৎসকজনে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা চলায়। এনে কাৰ্যৰ প্ৰতিবাদ জনাই যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাৰ লগতে কোনোমতে লম্পট চিকিৎসকজনৰ কবলৰ পৰা মুক্ত হৈ আহি লগে লগে চিকিৎসালয়ৰ অন্য কৰ্মীসকলক ঘটনা সন্দৰ্ভত অৱগত কৰে। ঘটনাটোক লৈ চিকিৎসালয়খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ইতিমধ্যে ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ লম্পট চিকিৎসকজনক কৰায়ত্ত কৰে। ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে। আনহাতে আৰক্ষীৰ প্ৰাথমিক তদন্তত তথা সাক্ষ্যৰ ভিত্তিত এই কু-কৰ্ম সংঘটিত কৰা প্ৰমাণিত হোৱাৰ লগতে অভিযুক্ত লম্পট চিকিৎসকজনেও নিজ মুখেৰে এই নিৰ্লজ্জ কাণ্ডৰ সত্যতা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।