বকোঃ ৰাজ্যত হত্যা-হিংসা, ডকাইতি, ধৰ্ষণ, অপহৰণৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱা ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পুনৰ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ ছমৰীয়া পামত এগৰাকী কিশোৰীক প্ৰেমৰ ছলনাৰে বহিঃৰাজ্যত বিক্ৰী কৰা ঘটনাই সমগ্র অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
তথ্য মতে ছমৰীয়াৰ আব্দুল মজিদৰ কন্যা মনোৱাৰা খাতুনক বৰপেটা জিলাৰ ডংৰা বজাৰৰ মনেৰ আলীৰ পুত্ৰ আব্দুল হালিমে প্ৰেমৰ ছলনাৰে ১৮ ফেব্ৰুৱাৰীত পলুৱাই নি বহিঃৰাজ্যত বিক্ৰী কৰে। বৰপেটা জিলাৰ লম্পট যুৱক আব্দুল হালিমে কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পূৰ্বে ২ নম্বৰ দক্ষিণ ৰাংগাপানীৰ ময়েজ আলীৰ তত্ত্বাৱধানত আছিল। দক্ষিণ ৰাংগাপানী গাঁৱত থকা অৱস্থাতে আব্দুল হালিমে কিশোৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল।