Home অন্যান্য খবৰউদুলি মুদুলি বৰদোৱা, দৌল মহোৎসৱত হৰিনামেৰে মুখৰিত আকাশ-বতাহ

উদুলি মুদুলি বৰদোৱা, দৌল মহোৎসৱত হৰিনামেৰে মুখৰিত আকাশ-বতাহ

by News Desk
53 views
A+A-
Reset

বৰদোৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা অতীতৰ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি এইবেলিও পাঁচদিনীয়াকৈ আয়োজিত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ আজি তৃতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে থান প্ৰাংগন জনসমুদ্ৰত পৰিণত হৈ পৰিছে ৷

প্ৰথম দিনাৰে পৰা আজি পৰ্যন্ত সমবেত হোৱা প্ৰায় ৫ লক্ষাধিক শিশু-আৱাল-বৃদ্ধ-বণিতাৰ উপস্থিতিত সমগ্ৰ বৰদোৱা অঞ্চলত উখল-মাখল পৰিবেশৰ সৃষ্টিৰে একপ্ৰকাৰে সমন্বয় ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছে৷ দবা, শংখ, আয়তীৰ উৰুলি, গায়ন-বায়নৰ খোল-তালৰ মাংগলিক ধ্বনি আৰু জাউৰিয়ে জাউৰিয়ে গোৱা হোলী গীতৰ লগতে হৰিনামৰ মন-প্ৰাণ হৰি নিয়া সুৰে বৰদোৱাৰ আকাশ-বতাহ মুখৰিত কৰি তুলি দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে ৷তদুপৰি দুৰ-দুৰণিৰ পৰা আহি সমবেত হোৱা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণাৰ্থে আগবঢ়োৱা ধূপ-ধুনা,ফল-মুলৰ আমোল-মোলোৱা সুবাস আৰু চাকি-বন্তি,নৈবদ্য আদিৰে থান প্ৰাংগণ ভৰি পৰি অনন্য পৰিবেশৰ সূচনা কৰিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0