দিগন্ত বৰ্মন, বৰনৰ্দ্দীঃ পূৰ্বৰদৰে এইবাৰো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদোগত অসমীয়া জাতীয় জীৱনৰ সংহতিৰ প্ৰতীক ৰঙালী বিহুৰ দেওবাৰে অন্তিম দিনা অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব‍্যক্তিৰ গৃহত উপস্থিত হৈ পদূলিত বিহু নাচি বয়োজ্যেষ্ঠসকলক বিহুৱান পিন্ধাই আশীৰ্বাদ লয়।

এইবাৰ ঘগ্ৰাপাৰ অঞ্চলৰপৰা বিশেষ পাৰৰ্দশিতা দেখুওৱা  জ্যেষ্ঠ ব‍্যক্তিৰ লগতে শিক্ষাবিদ সৰ্বেশ্বৰ শীল, বিশিষ্ট নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ, আৰ্দশ কৃষক ফুকন বৰ্মন, সাংস্কৃতিক কৰ্মী নুৰ ইছলাম, ৰাজহ চক্ৰ বিষয়া জোনতি ডেকা, আৰক্ষী বিষয়া ভাস্কৰ পাটোৱাৰী, বাবুল কুমাৰ মেধি, প্ৰাঞ্জল বৰুৱাক বিহুৱান, মান-পত্ৰ, চেলংচাদৰ, অসমীয়া জাতীয় জীৱনৰ সন্মানৰ প্ৰতীক তামোল-পাণ  দিয়াৰ লগতে তেওঁলোকৰ পদূলিত এপাক বিহু নাচি আশীৰ্বাদ লয়।

উক্ত অনুষ্ঠানটো পুৱা ৭ বজাত মুকলি কৰে ক্ৰীড়া সংগঠক ভবেন বড়োৱে। অনুষ্ঠানতিত ঢুলীয়া-নাচনী, যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ছফিকুৰ ৰহমানকে ধৰি শতাধিক যুৱ-ছাত্র কৰ্মীৰ লগতে স্থানীয়    ৰাইজে অংশগ্ৰহণ কৰে।