দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ সামুদ্ৰিক ধুমুহা ফনিয়ে বিভীষিকা সৃষ্টি কৰি ওড়িশাৰ উপকূল অঞ্চলত খুন্দা মাৰাৰ ফলত নলবাৰীৰ জিলাৰপৰা পুৰী ভ্ৰমণলৈ যোৱা অসমৰ বিভিন্ন প্ৰান্তৰৰ লোকৰ লগতে নলবাৰী জিলাৰ বহু তীৰ্থযাত্ৰী ওড়িশাত আবদ্ধ হৈ আছে জগন্নাথ মন্দিৰৰ সন্মুখৰ যাত্ৰী নিৱাসত।
জিলাখনৰ টিহুৰ লগতে ধুৰকুচি, ঘগ্ৰাপাৰ, বৰুৱাজানী, হাৰিভাঙা আদি বিভিন্ন প্ৰান্তৰো শতাধিক তীৰ্থ যাত্ৰীয়ে শংকাত দিন কটাইছে। সম্প্ৰতি ৰে’ল চলাচল বাতিল কৰাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে তীৰ্থ যাত্ৰীসকলৰ মাজত।