56
বৰপেটাঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৮ ফেব্ৰুৱাৰীৰপৰা অনুষ্ঠিত হোৱা টি জি বৰুৱা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত বৰপেটা জিলা দলে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷
প্ৰতিযোগিতাখনত বৰপেটা জিলা দলে ৭টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১০ টা পদকেৰে প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে৷ বৰপেটাৰ প্ৰতিভাবান কাৰাটে খেলুৱৈ হানি আলী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷