নগাঁওঃ জনসমুদ্ৰত পৰিণত হ’ল দ্বিতীয় বৈকুণ্ঠপুৰী শ্ৰীশ্ৰী বটদ্ৰৱা থান। অসমৰ জাতীয় জীৱনৰ প্ৰাণ তথা সত্রীয়া সংস্কৃতিৰ পীঠস্থান বটদ্ৰৱাৰ পবিত্র দৌল উৎসৱত অসমৰ বিভিন্ন স্থানৰ লক্ষাধিক ভক্তই মহামিলনৰ সমন্বয় সৃষ্টি কৰাৰ লগতে দৌল মহোৎসৱৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ ‘দৌল’ উন্মোচন কৰা হয়।
স্মৃতিগ্ৰন্থখন উন্মোচনী আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্ত, বিশিষ্ট গৱেষক ড° নৰেন কলিতা, থান পৰিচালনা সমিতিৰ উপ-সভাপতি দেৱানন্দ দেৱগোস্বামী, কাৰ্যকৰী সভাপতি হৰেন্দ্ৰনাথ মহন্ত, সম্পাদক ব্ৰজেন কাকতিকে ধৰি বহু বিশিষ্ট লোক।