ডিজিটেল ডেস্কঃ বেটছমেনৰ পূৰ্ণহতীয়া প্ৰহাৰত উৰি যোৱা বলে আঘাত কৰিলে বলাৰৰ মূৰত। পৰিণতিত পিটছতে ঢলি পৰিল বেগী বলাৰজন।

ইংলেণ্ডৰ কাউণ্টী ক্ৰিকেটৰ এই ঘটনাত গুৰুতৰভাৱে আঘাতগ্ৰস্ত হৈছে লিউক ফ্লেচাৰ নামৰ বলাৰজন।এজবাষ্টনৰ খেলপথাৰত টি-২০ ব্লাষ্ট প্ৰতিযোগিতাৰ নটিংহামশ্বায়াৰ আৰু বাৰ্মিংহামৰ মাজৰ খেলখন অনুষ্ঠিত হৈছিল।

সেই সময়ত পিটছত থকা বাৰ্মিংহামৰ বেটছমেন ছেম হেইনৰ মুখামুখী হৈছিল নাটিংহামৰ বলাৰ ফ্লেচাৰ। অভাৰৰ মাজতে এটা ছৰ্ট পিটছ বল প্ৰচণ্ড জোৰত হুক কৰে বেটছমেনজনে।

পিছে বলে ক্ষণিকৰ ভিতৰতে আঘাত কৰিলে বলাৰৰ মূৰত। লগে লগে ঢলি পৰা বলাৰজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা বৰ্তমানলৈ বিপজ্জনক।