গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ শুক্লাইত বালিৰ মহলৰ বাহন অবৰোধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে শুক্লাই-চেৰফাং যুব বিপিএফৰ বিৰুদ্ধে। প্ৰতিখন বাহনৰ পৰা এশ টকাকৈ বিচৰাৰ অভিযোগ তুলিছে গোৰেশ্বৰ ট্ৰাক মালিক আৰু কৰ্মচাৰী সন্থাই।
উল্লেখ্য যে, বাগসা জিলাৰ গোৰশ্বৰ থানাৰ অন্তৰ্গত নাওকাটা, শুক্লাই আদি অঞ্চলক থকা কেইবাটাও বালিৰ মহলৰ পৰা দৈনিক অৰ্ধশতাধিক বাহনে বালি বিভিন্ন অঞ্চললৈ ৰপ্তানি কৰি কৰি আহিছে। আনহাতে, এই বালিৰ মহলৰ পৰা দৈনিক যি সমূহ বাহনে বালি কঢ়িয়াই নিয়ে তেনে বাহনৰ পৰা বিভিন্ন দল সংগঠনে সময়ে সময়ে ধন সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে।