51
বাঘবৰঃ ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত নৈ-উপনৈ সমূহে খহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ সময়তে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এটাৰ পিছত এটাকৈ কৃষি প্ৰধান ৰাজহ গাওঁ নিচিহ্ন কৰিছে কালৰূপী ব্ৰহ্মপুত্ৰই।
জানিব পৰা মতে, দুদিন ধৰি অব্যাহত থকা ভয়াবহ ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াই উছন কৰিলে বাঘবৰৰ বালাজান গাৱৰ ১০ টাকৈ পৰিয়ালৰ ভেটি৷ নৈত বিলীন হ’ল শ শ বিঘা কৃষিভূমিও।