নয়ডাঃ আপুনি কেতিয়াবা শুনিছেনে যে ক্ৰিকেট খেলত কোনোবা বলাৰে দুই অভাৰতে বিপক্ষৰ আধা খেলুৱৈক পেভিলিয়নলৈ ঘুৰাই পঠিওৱা। ক্ৰিকেটৰ এই অবিশ্বাস্য অভিলেখ গঢ়িছে আফগানিস্থানৰ এজন ক্ৰিকেটাৰে। আন্তৰাষ্ট্ৰীয় টি২০ খেলত গ্ৰেটাৰ নয়ডা স্প’ৰ্টছ কমপ্লেক্সত আজিৰ খেল এখনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ব্ৰেক গুগলী স্পেচিয়েলিষ্ট আফগান যুৱক ৰছীদ খান আৰ্মানে ২ অভাৰত মাত্ৰ তিনি ৰাণ দিয়ে। কিন্তু এই দুটা অভাৰতে ৫ জনকৈ খেলুৱৈক আউট কৰি সাংঘাতিক বিপৰ্যয়ত পেলায় আয়াৰলেণ্ডক।