95
দক্ষিণ শালমাৰাঃ চৰকাৰে আহে, চৰকাৰ যায়৷ কিন্তু সাধাৰণ মানুহৰ দুৰ্দশা কেতিয়াও অন্ত নপৰে৷ জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি চকু দিবলৈ আহৰি নাপায় চৰকাৰৰ মন্ত্ৰী-বিধায়ক-সাংসদসকলে৷
চৰকাৰৰ ব্যৰ্থতাৰ ধ্বজা উৰুৱাই তেনেদৰেই পৰি ৰয় ৰাজ্যৰ ভগ্ন ৰাস্তা ঘাট, দলং৷ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নপোৱা ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাট-পথ তথা ভগা দলঙে ৰাইজক জ্বলাকলা খুৱাই আহিছে৷