গৰৈমাৰীঃ মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে বান্ধি দিয়া ডেড্ লাইন কেতিয়াবাই অন্ত পৰিল৷ কিন্তু এতিয়াও অন্ত নপৰিল নৈপৰীয়া মানুহ খিনিৰ দুঃচিন্তা৷ বাৰিষাৰ আগমনৰ লগে লগে পুনৰ এবাৰ নৈৰ বুকুত জাহ যোৱাৰ দুচিন্তাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাজ্যৰ কেইবাটাও অঞ্চলৰ নৈপৰীয়া ৰাইজে৷
যোৱাবাৰ বানত খেতি মাটি-ভেটি-উচন পৰাৰ পাছত এইবাৰ ৰাইজৰ ভৰষা আছিল পৰিবৰ্তনকামী চৰকাৰ৷ খোদ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বছৰৰ ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ সকলো চিঙা মথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল যদিও বাস্তৱত ৫০ শতাংশও কাৰ্যকৰী নহ’ল এই নিৰ্দেশ৷