89
সােণাৰিঃ চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তত বৃহস্পতিবাৰে পুৱাই শ-শ লোকে মাটি দখল কৰিবলৈ ওলাই অহা বুলি প্ৰচাৰ হোৱাৰ পিছৰে পৰা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ শ-শ লোকে কানু চাহ বাগিচাৰ বালিজান গ্ৰাণ্টৰ ২৫ নং ছেক্টৰৰ ভূমি দখল কৰিবলৈ ওলাই অহাত শ্ৰমিক আৰু চাহ বাগিচাৰ সমীপৰ এখন গাঁৱৰ লোকৰ মাজত প্ৰথমে বাকযুদ্ধৰ লাগে তাৰ পিছতে সংঘাটময় পৰিস্থিতিৰ সৃষ্টি হোৱাত আৰক্ষীৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়৷
