কাজলগাঁওঃ কাজলগাঁও চিৰাং জিলাৰ বেংতল মহাবিদ্যালয়ত বৃহস্পতিবাৰে চিৰাং জিলা শিক্ষা বিভাগৰ উদ্যোগত বিটিচি প্ৰশাসনে গ্ৰহণ কৰা শিক্ষা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ তথা স্নাতক পৰ্যায়ত পঢ়ি থকা ছাত্ৰীৰ মাজত স্কুটি বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়৷
চিৰাঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই অাঁত ধৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে ভাষণত কয় যে বিগত বিধান সভা নিৰ্বাচনত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দুখীয়া ছাত্ৰীলৈ উদগনি হিচাপে স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল৷ বিটিচি প্ৰশাসনে বিটিচি অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে গ্ৰহণ কৰা শিক্ষামূলক আঁচনিত পোন্ধৰশ শিক্ষাৰ্থী উপকৃত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷