ওদালগুৰি/নলবাৰী/গোলাঘাট/তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমত হিন্দু বাংলাদেশী শৰণাৰ্থী সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ ৭ মে’ৰ পৰা পুনৰ প্ৰতিবাদ অব্যাহত ৰখা ৰাজ্যবাসীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰেও প্ৰতিবাদ সাব্যস্ত কৰে৷ বৃহস্পতিবাৰে ডিব্ৰুগড, শোণিতপুৰ, ওদালগুৰি, নলবাৰী, গোলাঘাট, তিনিচুকীয়া, গোৱালপাৰ আদি জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল-সংগঠনে৷
ৰাইজে ৰাজপথলৈ ওলাই আহি অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিব খোজা কোনো কাৰ্য গ্ৰহণ নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে৷ ওদালগুৰিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে জোঁৰ লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লে-কাৰ্ড লৈ বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ওদালগুৰি জিলা সমিতিৰ শ্বহীদ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী সমদল চহৰখনৰ মাজেৰে বিভিন্ন স্থান পৰিভ্ৰমণ কৰে।