গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ত আন্দোলন গঢ়ি তুলিব ছাত্ৰ সমাজে। বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে JNUৰ ছাত্ৰ একতা সভাৰ সভাপতি এন চাই বালাজিয়ে।
অহা ৭ ফেব্ৰুৱাৰীত ৬০ টাকৈ অধিক ছাত্ৰ তথা যুৱ সংগঠনে দিল্লীত মিলিত হৈ বি জে পি চৰকাৰ বিৰুদ্ধে Young India Adhikar March কাৰ্যসূচী ৰূপায়ণ কৰিব। আহা ৭ ফেব্ৰুৱাৰীৰ দিনা ৫০ হাজাৰ ছাত্ৰ তথা যুৱক-যুৱতীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত দিল্লীৰ লালকিল্লাৰপৰা সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াই বি জে পি চৰকাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব।