ডিজিটেল ডেস্কঃ ভাৰতৰ মূখ্য ন্যায়ধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে সাতটা দলে অনা মহাভিযোগ প্ৰস্তাৱ খাৰিজ কৰিছে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে৷ সোমবাৰে ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুয়ে কেইবাজনো আইন আৰু সংবিধান বিশেষজ্ঞৰ সৈতে আলোচনা কৰি দীপক মিশ্ৰাৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ কৰে৷
উল্লেখ্য যে, অমানবীয় আচৰণ আৰু পদৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে কংগ্ৰেছ সহ আন ৬টা দলে মূখ্য ন্যায়ধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ দাখিল কৰিছিল৷ কিন্তু ভেংকায়া নাইডুয়ে সেয়া খাৰিজ কৰি কংগ্ৰেছ সহ আন দলসমূহক সেউজীয়া সংকেত প্ৰদান কৰাৰ পৰা বিৰত থাকে৷