ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে ‘সংবিধান বচাও’ অভিযান৷ দিল্লীৰ লালকটোৰা ষ্টেডিয়ামৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত সোমবাৰে পুৱাৰ পৰা আৰম্ভ কৰা ‘সংবিধান বচাও’ অভিযানৰ লক্ষ্য হৈছে সংবিধান আৰু দলিত সকলৰ ওপৰত হৈ থকা অত্যাচাৰ ৰোধ কৰাৰ দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা৷
আগন্তক বছৰৰ ১৪ এপ্ৰিল অৰ্থাত বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ জন্মজয়ন্তী দিৱসৰ দিনালৈ চলিবলগীয়া ‘সংবিধান বচাও’ অভিযানৰ জৰিয়তে দলিত সকলক মাজত নিজৰ ২০১৯ নিৰ্বাচনৰ বাবে নিজৰ ভেটি সুদৃঢ় কৰিব বিচাৰিছে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ উল্লেখ্য যে ভাৰতবৰ্ষত প্ৰায় ১৭ শতাংশ দলিত ভোট আছে৷