• মেজিৰ ওচৰত ৰাইজৰ আৰ্শীষ লৈ চিৰ দিনলৈ গুচি গ'ল পিতা পুত্র
  • সংকটজনক অৱস্থাত পত্নী বৰ্তমান ডিব্রুগড় সঞ্জীৱনী হস্পিতালত চিকিৎসাধীন

দিখৌমুখঃ এক হৃদয় বিদাৰক আৰু মৰ্মান্তিক ঘটনাই আজি জোকাৰি গ'ল সমগ্র দিখৌমুখ ৷ শিৱসাগৰ জিলাৰ দিখৌমুখ উজনী ভৰলুৱা গাৱৰ তিনিজনীয়া এটি পৰিয়াল,যোৱা মঙ্গলবাৰে মেজিৰ ওচৰত ৰাইজক পুত্রৰ দীৰ্ঘদিন ভূগি থকা অসুখ পৰা পৰিত্রান পোৱাৰ কামনাৰে  আৰ্শীবাদ লৈ আজি পুৱা পুত্রৰ চিকিৎসাৰ বাবে ডিব্রুগড়লৈ ৰাওনা হৈছিল ।

কিন্তু নিয়তিৰ কি পৰিহাস ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত শিৱসাগৰৰ দিশৰ পৰা বকুল বড়াৰ পৰিয়াল আৰু দুজন যুৱক দেৱাশীষ শইকীয়া আৰু প্রভাত শইকীয়া সহিতে যোৱা ইয়ন গাড়ী খন আৰু ডিব্রুগড় দিশৰ পৰা অহা এখন আৰ্টিগা গাড়ীৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত থিতাতে নিহত হৈছে বকুল বড়া(৪৫),পুত্র নিলীম আকাশ বড়া(১৪), আৰু মাতৃ মৃদুলা বড়া(৩৮) গুৰুতৰভাৱে আহত হৈছে৷ পৰিয়ালতোৰ আন দুজন যুৱকো আহত হৈছে ,বৰ্তমান যুৱক দুজন ডিব্রুগড় মেডিকেলত আৰু মৃদুলা বড়া সঞ্জীৱনী হাস্পিতেলত  চিকিৎসাধীন হৈ আছে