newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিস্থিত ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে এক কেৰিয়াৰ কাউঞ্চেলিংৰ এখনি সজাগতা সভা অনুষ্ঠিত হয়।
গুৱাহাটীস্থিত জে.চি.মেক্সৱেল চায়েন্স ইনষ্টিটিউটৰ উদ্যোগত আৰু চিআৰচিচি অভিজিত মণ্ডল, গঞ্জন নন্দন দাস আৰু দীপাংকৰ ভট্টাচাৰ্যৰ সহযোগত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বড়োয়ে।