newsnextone.com।কাকপথাৰঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনলাইনযোগে গ্ৰহণ কৰা মকৰলৰ প্ৰ-পত্ৰ আৱেদনত চূড়ান্ত বেমেজালি সংঘটিত হৈছে। ১৮ আগষ্ট, ২০১৮ তাৰিখৰ পৰা প্ৰথম আৱেদনৰ সময় নিৰ্ধাৰণ কৰিছিল যদিও আৱেদনৰ মাচুল যথেষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত পুনৰ ২৫ আগষ্টৰ পৰা মাচুল কম কৰি পুনৰ আবেদন গ্ৰহণৰ কাম আৰম্ভ কৰিছিল।
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৱেবচাইটৰ বেমেজালি তথা অতি লেহেমীয়া হোৱাৰ বাবে নিৱনুৱাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হৈছে। অনলাইনযোগে এখন আবেদন পূৰণ কৰিবলৈ লগা সৰ্বমূঠ ৫ টা পৰ্যায় পাৰ কৰিবলৈ তথা সম্পূৰ্ণ কৰিবলৈ দুই তিনিদিনৰ প্ৰয়োজন হয়।