newsnextone.com।কাকপথাৰঃ কাকপথাৰ আৰক্ষীয়ে শুকুৰবাৰে এখন চোৰাং কাঠৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা এএচ-২৩ বিচি০৩৭৯ নম্বৰৰ ডিআই গাড়ীখনেৰে অৰুণাচল প্ৰদেশৰ পৰা কাঠখিনি আনি থাকোতে বিশেষ সুত্ৰৰ পম খেদি কাঠসহ কাকপথাৰ আৰক্ষীয়ে গাড়ীখন জব্দ কৰে ৷
কাঠখিনি কাকপথাৰ থানাৰ অন্তৰ্গত মৃডংপাৰা নামৰ গাৱঁখনৰ দুজন যুৱকে আনিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে গাড়ীখন জব্দ কৰি বন বিভাগৰ লোকক চমজাই দিছে ৷ গাড়ীসহ গাড়ীখনত থকা সকলো কাঠ ইতিমধ্যে বন বিভাগে চমজি লৈ গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিছে ৷