বোকাজানঃ ধূলি আৰু দুৰ্গন্ধৰ প্ৰকোপত মানুহ ওলাব নোৱাৰা পৰিৱেশ৷ নানা ৰোগত আক্ৰান্ত হৈছে মানুহ৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ৷ ভাৰতীয় বিলাতী মাটি নিগমৰ অন্তৰ্গত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত হৈ থকা ধূলিয়ে বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগত আক্ৰান্ত কৰিছে যদিও আজিও নিমাত প্ৰশাসন৷
স্বাস্থ্য, সা-সম্পত্তি, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বিলাতী মাটি কাৰখানাটোৱে৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত বোকাজানৰ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷