ডিজিটেল ৰিপ’ৰ্টঃ এটা ধুনীয়া কবিতাৰ ভিডিঅ’। বৰ্তমান Social Mediaত জনপ্ৰিয় হৈ পৰা কবিতাটো নামনি অসমৰ নলবাৰীৰ কথিত ভাষাত ৰচনা কৰা হৈছে। জন্মদাত্ৰীয়ে নিজে নাখায়ো কষ্ট কৰি পুত্ৰক বৰ মানুহ কৰি তোলাৰ পিছত সেই পুত্ৰই কিদৰে সকলো পাহৰি যায় তাৰেই বৰ্ণনা দিয়া হৈছে কবিতাটোত। সম্পূৰ্ণ বাস্তৱতাৰে ভৰপূৰ কবিতাটোৰ শিৰোনামো আকৰ্ষণীয় “চানা আপা”।
কবিতাটোৰ কথাখিনি সাম্প্ৰতিক সময়ত কোনোপধ্যে নুই কৰিব নোৱাৰি। কবিতাটিৰ ৰচনা আৰু পাঠ উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ। কবিতাটিক ভিডিঅ’ ৰূপ দিছে 21 Century Savage Studio-ই। বৰ্তমান সময়ত বহুক্ষেত্ৰত নামনি অসমৰ ভাষাটো কেৱল সস্তীয়া কৌতুক কৰাৰ বাবে ব্যৱহাৰ কৰাৰ বিপৰীতে কবিতাটোৰ শক্তিশালী উপস্থাপনে মানুহৰ মনত নতুন চিন্তাৰ উদয় কৰিব বুলি আশা কৰিব পাৰি।