আজিৰ ৰাষ্ট্ৰৰ যি দুৰ্ভিক্ষ আৰম্ভ হৈছে মাৰি-মৰককে ধৰি তাৰ বাবে ৰাষ্ট্ৰ বিপ্লৱৰ সুচনা হ’বলৈ ওলাইছে ৷ ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা ক’ভিড-১৯ আৰু তাৰ পাছত সেই ভাইৰাছে সমগ্ৰ বিশ্বতেই তোলপাৰ কৰি পেলাইছে ৷ ধনী-দুখীয়া,উচ্চ-নীচ জাত-পাতৰ কোনো বাচ বিচাৰ নকৰাকৈ মানৱ জাতিৰ ওপৰত সংহাৰী ৰূপ ধাৰণ কৰি আহিছে ৷
এইবছৰো ব’হাগ বিহুৰ পাছতেই আৰম্ভ হৈ গ’ল ক’ভিড-১৯ ৰ সংহাৰী ৰূপ ৷ ভূতৰ ওপৰত দানব পৰা দি সৌ সিদিনা সমগ্ৰ অসম পুণৰ বৰ ভুঁইকপে জোকাৰি গ’ল ৷ কোনো কোনো ঠাইত ধৰিত্ৰীৰ বুকু ফাটি জলধাৰাৰ উৎপত্তি পৰ্যন্ত হৈছে ৷ প্ৰকাণ্ড অট্টালিকাতো ফাঁট মেলিছে ৷ গতিকে এইবোৰে ৰাষ্ট্ৰত দুৰ্ভিক্ষ, মহামাৰী,সংহাৰী ৰূপ গ্ৰহণ কৰি মানৱ জাতিক এমূৰৰ পৰা গ্ৰাস কৰি গৈছে ৷ ৰাষ্ট্ৰৰ এনে বিপদ সম্পৰ্কে মহামুনি চাণক্যই বহু হাজাৰ বছৰ পূৰ্বে কৈ গৈছে তেখেতৰ নীতিশাস্ত্ৰত ৷৷৷