ডিজিটেল ডেস্কঃ শিৱসেনাৰ পথেৰে আগবাঢ়িছে বিজেপিৰ মিত্ৰ জোঁটৰ দক্ষিণৰ দলো৷ জেটলীৰ বাজেটে সন্তুষ্ট কৰিব নোৱাৰিলে অন্ধপ্ৰদেশৰ বিজেপিৰ মিত্ৰ দল টিডিপিক৷ চন্দ্ৰবাবু নাইডুয়ে স্পষ্ট কৰে যে, মিত্ৰজোটৰ বাবেই তেওঁ মনে মনে আছে৷ কিন্তু বিজেপিৰ এই অৱস্থাত থাকিলে ‘নমস্তে’ বুলি কৈ ওলাই আহিব তেওঁ৷
উল্লেখ্য, তেলুগু দেশম পাৰ্টিয়ে ক্ষোভ ব্যক্ত কৰি কয় যে, এই বাজেটত অন্ধ্ৰপ্ৰদেশৰ বাবে একোই নাই৷ ইফালে, দেওবাৰে অমৰাবতীত দলীয় নেতৃবৰ্গৰ সৈতে এক বৈঠকত মিলিত হ’ব চন্দ্ৰবাবু নাইডুয়ে৷ উল্লেখ্য, টিডিপিৰ ওপৰত ক্ৰমাৎ চাপ সৃষ্টি কৰি আহিছে বিৰোধী ওৱাইএছআৰ কংগ্ৰেছৰ জগন্মোহন ৰেড্ডিয়ে৷