চৰাইদেউঃ ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত নানান সমল উজনিৰ শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া ডিব্ৰুগড় জিলাত আজিও পোৱা যায়৷ তাৰ লগে লগে আহোম যুগৰ বহু সম্পদ তথা সমল মাটিৰ তলত থকা বুলি অনুমান কৰি আহিছে বহু পৰ্যটক তথা চৰকাৰৰ ভূতত্ববিদে৷ স্থাপত্য, ভাস্কৰ্য আদিৰ লগতে আহোম শাসন কালৰ অমূল্য সম্পদ মাটিৰ তলত পোত খায় থকাৰ অনুমান কৰা হয়৷
ইয়াৰ মাজতে, মঙলবাৰে আহোম ৰাজত্ব কালৰ ইতিহাস প্ৰসিদ্ধ সমল উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বহু সম্পদ যে আজিও মাটিৰ তলত পোত খায় আছে সেই কথা আকৌ এবাৰ প্ৰমাণ কৰে৷ আহোমৰ ৰাজত্বকালৰ ৰাজধানীৰ অন্যতম অংশ চৰাইদেউ জিলাৰ চৰাইদেউ মৈদামৰ সমীপৰ ঐতিহ্যমণ্ডিত পেটু পুখুৰীত উদ্ধাৰ হয় আহোম যুগৰ ড্ৰেগন আকৃতিৰ দুটা সম্পদ৷