ধনশিৰি: বৰ বৰ কথাৰে উন্নয়নৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ প্ৰতি লাহে লাহে মোহভংগ হ’ব ধৰিছে দেশৰ সাধাৰণ জনতাৰ । সকলো প্ৰতিশ্ৰুতিয়ে এতিয়া পৰ্যবেসিত হৈছে ফুটুকাৰ ফেনলৈ । দেশৰ দুই কোটি শিক্ষিত নিৱনুৱাক চাকৰিৰ সংস্থাপন দিম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণতো ব্যৰ্থ এতিয়া কেন্দ্ৰীয় চৰকাৰ ।
কেন্দ্ৰলৈ বিজেপি চৰকাৰ অহাৰ পাছত প্ৰতিশ্ৰুতিৰ সুৰতেই সুৰ মিলাই কাম কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ শাসনলৈ অহা চৰকাৰখনেও উন্নয়নৰ নামত খেলি আছে টালি-বাজি । পুনৰ এই চৰকাৰৰ বলি হ’ব লগা হৈছে সংস্থাপন পাম পাম বুলি আশা পালি থকা ৰাজ্যৰ শিক্ষিত নিৱনুৱাসকল।