আছিকুৰ ৰহমান, চৰাইদেউঃ ৰূপালী জয়ন্তী বৰ্ষৰ দুৱাৰডলিত ভৰি দিয়া চৰাইদেউ জিলাৰ সংবাদকৰ্মী সকলৰ অন্যতম উমৈহতীয়া মঞ্চ “সোণাৰি প্ৰেছ ক্লাব”ৰ নতুন সমিতি খন আজি পুনৰ গঠন কৰা হয়।
প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি ৰফিক আহমেদৰ পৌৰহিত্যত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত সাধাৰণ সভা যোগে দৈনিক জনমভূমিৰ সাংবাদিক আলিম আহমেদক সভাপতি, ইমদাদ হুছেইনক কাৰ্যকৰী সভাপতি, নিউজ১৮অসম/নৰ্থ-ইষ্টৰ সাংবাদিক হানচেং কোঁৱৰক সম্পাদক হিচাপে লৈ ২০১৯-২১ বৰ্ষৰ বাবে সোণাৰি প্ৰেছ ক্লাবৰ সমিতিখন গঠন কৰা হয়।