64
তেজপুৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান দখলেৰে উজলিল ঐতিহ্যনগৰী তেজপুৰৰ চয়ন মজুমদাৰ। আজি ঘোষিত ফলাফলত শীৰ্ষ দহটা স্থানৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰেৰে সমগ্ৰ শোণিতপুৰ জিলাৰ লগতে তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনে এইজন কৃতী ছাত্ৰই।
তেজপুৰৰ গণেশমিল চাৰিআলি নিবাসী তথা ব্যক্তিগত প্ৰতিষ্ঠান কেবিইজৰ কৰ্মচাৰী চিন্ময় ৰয় আৰু মিতালী মজুমদাৰৰ সন্তান চয়নে ডনবক্স উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।