61
তিনিচুকীয়াঃ পেঙেৰীৰ এগৰাকী বনকৰা কিশোৰী ধাৰাবাহিক শাৰীৰিক, মানসিক নিৰ্যাতনৰ বলি হৈ নিশাৰ ভাগত বাটলৈ ওলাই অহাৰ পিছত স্থানীয় ৰাইজ আৰু চাইল্ড লাইনৰ সহযোগত ডিগবৈ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ডিগবৈৰ বিজেপি নেতা জয়প্ৰকাশ গুপ্তাৰ ঘৰত দীৰ্ঘদিন ধৰি বনকৰা ছোৱালী হিচাৱে থকা কিশোৰীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ বিজেপি কৰ্মীগৰাকীয়ে শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে।