91
কামপুৰঃ ভৰা নৈত নাঁৱত উঠি কৰুণ মৃত্যুক সাৱতিলে এটি কণমানিয়ে। এই ঘটনা নগাঁও জিলাৰ কামপুৰৰ।
প্ৰাপ্ত বাতৰি মতে, অঞ্চলটোৰ জৰাবাৰী চেঙাজানত শুকুৰবাৰে পৰিয়ালৰ অসাৱধানতাৰ বাবে ঘৰৰ পৰা ওলাই যায় মোবাৰক আলী নামৰ ৬ বছৰীয়া শিশুটি। ঘৰৰ পৰা ওলাই গৈ নাঁৱত উঠিবলৈ বুলি শিশুটি বৰপানী নৈৰ কাষ পায়।