গৰৈমাৰীঃ বাল্যবিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে জনসচেতনতাৰ লগতে ইয়াৰ বিৰুদ্ধে তীব্র অভিযান অব্যাহত ৰাখিছে চাইল্ড লাইনে। তাৰেই অংশ ৰূপে আজি দক্ষিণ কামৰূপৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চল ছয়গাঁও সমষ্টিৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ টপাৰ পথাৰত দুটাকৈ বাল্যবিবাহ বন্ধ কৰে।
জানিব পৰা মতে টপাৰ পথাৰ চৌতাৰা এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী তথা উত্তৰ টপাৰ পথাৰ গাঁৱৰ লাল মিঞাৰ কন্যা লাল ভানু (১৫) আৰু উক্ত গাঁৱৰে জগু মিঞাৰ কন্যা জহুৰা খাতুন (১৪) ৰ বিবাহৰ প্ৰস্তুতি চলাই থকা হৈছিল। এই ঘটনাৰ খবৰ লাভ কৰি অসম চেন্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ দক্ষিণ কামৰূপ জিলা চাইল্ড লাইনে আজি উপস্থিত হয় জোৰশিমুলী আৰক্ষী থানাত।