কোকৰাঝাৰঃ নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰপৰা কোকৰাঝাৰত ৰেলৱে অাৰক্ষীয়ে অাজি ৮ টি শিশু উদ্ধাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দালালে শিশুকেইটাক বহিৰাজ্যলৈ ঋতুকালিন শ্ৰমিকৰ প্ৰলোভন দি নিবলৈ ধৰোতেই কোকৰাঝাৰ ৰেলৱে অাৰক্ষীয়ে অাজি শিশুকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ৰেলৱে অাৰক্ষীয়ে অাজি এক বিশেষ সূত্ৰ অনুসৰি কোকৰাঝাৰ ৰেলৱে ষ্টেচনত নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলত তালাচী অভিযান চলাই ১০ গৰাকী শিশুৰ ভিতৰত ৮ গৰাকীকে নাবালক শিশুক উদ্ধাৰ কৰে। অদ্যপি দুই শিশুক ৰেলৱে অাৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাা নাই।