মিছৌৰীঃ নব্বৈৰ দশকত ৰক এণ্ড ৰ’লক এক অনন্য মাত্ৰা প্ৰদান কৰা কিংবদন্তী গায়ক চ্চাক বেৰীৰ শনিবাৰে ৰাতি দেহাৱসান ঘটে। ৰ’ল অভাৰ বিথ’ভেন, জনী বি গুডডে, স্কুল ডেইজ আদি বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰা গীতৰ জৰিয়তে সময় বালিত খোজ ৰাখি যোৱা শিল্পীগৰাকীৰ আন এটা নাম ৰক এণ্ড ৰ’ল বুলি কোৱা হয়।

সংগীত শিল্পীগৰাকীয়ে ১৯৮৪ চনত গ্ৰেমীৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল। একেধাৰে গীতিকাৰ, গিটাৰিষ্ট আৰু গায়ক চ্চাকক গুণমুগ্ধই শ্ৰদ্ধাঞ্জলিৰে ওপচাই পেলাইছে টুইটাৰ, ফেচবুককে ধৰি চছিয়েল মিডিয়াত।