ডিব্ৰুগড়ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আজি ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত সাংবাদিকৰ সমস্যা সন্দৰ্ভত আলোচনা কৰে উপদেষ্টা গোস্বামীয়ে।
বিজেপিৰ নেতৃত্বত ৰাজ্যত মিত্ৰজোঁটj চৰকাৰ শাসনলৈ অহাৰ পিছতে ৰাজ্যখনৰ সাংবাদিকসকলৰ বাবে আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে। সাংবাদিকসকলৰ কল্যাণৰ স্বাৰ্থত মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিবৰ সৈতে আলোচনাৰ মৰ্মে আঁচনি তৈয়াৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে মত-বfনিময় অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলক।