তেজপুৰ টাউনঃ জ্যেষ্ঠ নাগৰিক সংস্থাৰ বালিপৰা সমিতিৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন সোমবাৰে চাৰিদুৱাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ঐতিহ্যমণ্ডিত চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত পুৱা ৮.৩০ বজাত সংস্থাৰ সভাপতি তৰুণ চন্দ্ৰ দাসে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰ পিছতে সংস্থাৰ মুখ্য উপদেষ্টা ললিত শৰ্মাই বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ৯:৩০ বজাত চাৰিদুৱাৰ ৩০ খন বিছনাযুক্ত গ্ৰামীণ চিকিৎসালয়ৰ সমীপত চাৰিদুৱাৰ গড়মৰা পথস্থিত সংস্থাৰ নৱনিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে জালালুদ্দিন আহমেদে।
দিনৰ ১.০০ বজাৰপৰা সীমান্ত মিলন সংঘৰ তৰুণ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্যকমল বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বালিপৰা পাৱাৰগ্ৰীড চাব ষ্টেছনৰ অতিৰিক্ত প্ৰৱন্ধক পি এচ ষ্টেফৰ্ড৷ জ্যেষ্ঠ নাগৰিকসকলক সমাজত উপযুক্ত স্থান দিয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ সমসাময়িক প্ৰেক্ষাপটত খুবেই প্ৰয়োজন বুলি উল্লেখ কৰে সভাৰ অতিথিয়ে।