গুৱাহাটীঃ ৰাজ্যৰ সাধাৰণ দুগ্ধপালকক উপেক্ষা কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰাক লৈ শেহতীয়াকৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই সাধাৰণ দুগ্ধপালকৰ বাবে আবণ্টিত ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰাৰ পিছতে ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিৰোধী কংগ্ৰেছকে ধৰি বিভিন্ন দল বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ সময়তে জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ পক্ষ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই মন্ত্ৰী-পত্নীয়ে ৰাজসাহায্য পোৱা কাৰ্যক সমৰ্থন কৰি কৈছিল যে কোনোবাই যদি কাম কৰে, গৰু পুহিছে ৰাজসাহায্য পাবই। এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ? চৰকাৰে ৰাজসাহায্য দিবৰ কাৰণে আঁচনিয়েই বনাইছে।
মন্ত্ৰী-বিধায়কে ল’ব নোৱাৰে বুলি কোনো কথা নাই। তেওঁলোকে দুৰ্নীতি কৰা নাই, গৰুহে পুহিছে। এইটো কি ৰাজনীতি হ’ব পাৰে? আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিল। এতিয়া যদি আমাৰ মন্ত্ৰী-বিধায়কে গাখীৰ বিক্ৰী কৰি খাব খোজে আপত্তি কি আছে ইয়াত। আজি মন্ত্ৰী হৈ আছে কাইলৈ নাই, কেনেকৈ চলিব ঘৰখন? গতিকে গঁড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱাটো ভাল নে বেয়া বুলি সাংবাদিককে প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।