গুৱাহাটীঃ সোমবাৰে পুৱাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কে হাতে বাতে প্লেকাৰ্ড লৈ অসম বিধান সভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি বিধান সভাৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত সদন ত্যাগ কৰে কংগ্ৰেছে৷
ৰাজ্য অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব খোজাৰ বিৰুদ্ধে আৰু কেইবাটাও ধৰ্ষণ-হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কংগ্ৰেছৰ বিধায়কে বিধান সভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ লগতে বিজেপি চৰকাৰ আইন-শৃংখলা ৰক্ষা কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।