গুৱাহাটীঃ বৃহস্পতিবাৰেও অসম বিধানসভা উত্তাল হৈ পৰে৷ অসম মহিলা বিশ্ববিদ্যালয়ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বিধান সভাৰ ভিতৰে-বাহিৰে প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছে৷ এই বিষয়ত পিচ হুহুকি আহিব হিচৰা নাই কংগ্ৰেছে৷ যোৱা দুটা দিনৰ দৰেই বৃহস্পতিবাৰেও সদন উত্তাল কৰে কংগ্ৰেছে৷
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সদনৰ ভিতৰতে তৰণ গগৈক আক্ৰমণ কৰি মহিলা বিশ্ববিদ্যালয়ৰ তৰুণ গগৈৰ ভুলৰ বাবে বন্ধ কৰিবলগীয়া হোৱাৰ লগতে তৰুণ গগৈয়ে হুলস্থূল আৰু মিডিয়াক কথা কবলৈ আহে বুলি কৈছিল৷ তাৰ পিছৰে পৰা কংগ্ৰেছ বেছি আক্ৰমণাত্মক হৈ পৰে সদনৰ ভিতৰত৷