Home গুৱাহাটীৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীৰ ৰক্তদান

ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীৰ ৰক্তদান

by News Next One
A+A-
Reset

গুৱাহাটীঃ লোকসভাৰ বিৰোধী দলপতি, সাংসদ ৰাহুল গান্ধীৰ শুভ জন্মদিন উপলক্ষে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰথম ৰক্তদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু দ্বিতীয়জন ৰক্তদাতা হিচাপে সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই অংশগ্ৰহণ কৰে।

সমগ্ৰ দেশজুৰি আজি অনাড়ম্বৰভাৱে ৰাহুল গান্ধীৰ জন্মদিন উদযাপন কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত পুৱা ১০.৪৫ বজাৰ পৰা গুৱাহাটীৰ চহৰীয়া ব্লাড চেণ্টাৰৰ সহযোগত অসম মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, এনএছইউআই, অ’বিচি কোষ আৰু মিডিয়া বিভাগৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ নেতা ৰমেন শৰ্মা, মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক মনালিছা বৰুৱা হাজৰিকাকে ধৰি নেতা-কৰ্মীসকলে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0