newsnextone.com | ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ মাৰ্চ মাহত সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল যুৱ ৰাজ ৰাহুল গান্ধীয়ে। বিগত চাৰি মাহত ৰাহুল গান্ধীয়ে দলক উদ্ধাৰৰ বাবে নতুনত্ব আনিবলৈ চেষ্টা চলােৱা পৰিলক্ষিত হৈছে।
তাৰ মাজতে দেওবাৰে সংসদৰ এনেক্স ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ আৰু বিভিন্ন নেতাৰ পৰামৰ্শ, মিত্ৰজোঁট সম্পৰ্কত আলোচনা কৰা হয়। বৈঠকত ৰাহুল গান্ধী. ছোনীয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, মতিলাল ভোৰা, অশোক গেহলেট, গোলাম নবী আজাদ, মল্লিকাৰ্জন খাৰ্গে, এ কে এণ্টনী, অম্বিকা ছনী, অমন চাণ্ডী আদি উপস্থিত থাকে।