গোগামুখঃ ধেমাজি জিলাৰ এগৰাকী বিজেপি নেতা তথা ঠিকাদাৰে মথাউৰি নিৰ্মাণত ব্যৱহাৰ কৰা শিল-জালি আদি বিক্ৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জিলাখনৰ গোগামুখৰ দীৰপাইত ২০০২ বৰ্ষত ব্ৰহ্মপুত্ৰ বৰ্ডে সোৱনশিৰি নদীৰ খহনীয়া ৰোধ কৰিবলৈ কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা শিল স্পাৰৰ জালি আৰু শিলবোৰ বিক্ৰি কৰি ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোগামুখ অঞ্চলিক সমিতিয়ে শাসকীয় বিজেপি দলৰ নেতা তথা ঠিকাদাৰ দিলিপ আগৰৱালাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা স্পাৰত ঠিকাদাৰৰ শেন চকু পৰা বুলি অভিযোগ তুলি আজি সংগঠনটোৰ এটি সজাতি দলে মথাউৰি পৰিদৰ্শন কৰে৷