মোৰাঝাৰঃ তদন্তৰ পিছত তদন্তই ৰোধ কৰিবপৰা নাই হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অকচেক পথাৰ গাঁও পঞ্চায়তৰ বিয়াগোম কেলেংকাৰীৰ। চতুৰ্দশ বিত্তীয় বৰ্ষৰ ১৪ লাখ টকা চৰকাৰী ধনেৰে ৰোহিনী পথাৰ-পীৰবাজাৰ সংলগ্ন জলসিঞ্চন নলাৰ ওপৰত দলং নিৰ্মাণত সভানেত্ৰী হুচনা বেগমৰ স্বামী আৰু নিজৰ আত্মীয়-কুটুমেৰে নিশাৰ ভিতৰত নিম্ন মানৰ ৰদ-চিমেণ্ট ব্যৱহাৰ কৰি সমুদায় ধন আত্মসাৎ কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে।
চৰকাৰী নিৰ্দেশনা ভৰিৰে মোহাৰি নিজৰ খেয়াল-খুচি মতে কাম শেষ কৰাৰ অভিযোগ উত্থাপন হৈছে। এখন সৰু দলঙত সভানেত্ৰী, খণ্ড উন্নয়ন বিষয়া, চৰকাৰী অভিযন্তা সকলোৱে মিলি অতিৰিক্ত ধন মোকলাই আনি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ আনিছে ১০ নং ৱাডৰ এগৰাকী সদস্যাই।