গুৱাহাটীঃ কৃষি বিভাগত নিতৌ ন ন কেলেংকাৰীৰ তথ্য উদঘাটন হৈ থকাৰ মাজতে এইবাৰ খাৰুপেটীয়াত কৃষকৰ বাবে মজুত সাৰ-বীজ ক’লাবজাৰত বিক্ৰী হোৱাৰ ঘটনা পোহৰলৈ আহিছে।
কৃষিমন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত বহু ধৰণৰ কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ খবৰৰ মাজতে এইবাৰ 0দৰং জিলাত কৃষকৰ বাবে মজুত সাৰ-বীজৰ এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। দৰিদ্ৰ কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্য়প্ৰাপ্ত সাৰ আৰু বীজ মধ্যভোগী বিভাগীয় কৰ্তৃপক্ষৰ লগ লাগি ক’লা বজাৰত বিক্ৰী কৰাৰ ঘটনা জানিবপৰা গৈছে।