কোকৰাঝাৰঃ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই আজি কিছু সময় পূৰ্বে উদ্ধাৰ হ’ল কোকৰাঝাৰৰ অপহৃত ব্যৱসায়ী ৰঞ্জিত দত্ত। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৰ নেতৃত্বত যোৱা অভিযানকাৰী দল এটাই অাজি ৰঞ্জিত দত্তক চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তববৰ্তী কয়লাময়লাৰ পৰা উদ্ধাৰ কৰে।
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে চিৰাং জিলাৰ কয়লাময়লাৰ পৰা অপহৃত ব্যৱসায়ীজনক উদ্ধাৰ কৰা হৈছে। ব্যৱসায়ী গৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত জিলা অতিৰিক্ত অাৰক্ষী অধীক্ষক টাবুৰাম পেগু , পৰ্বতঝোৰাৰ মহকুমা আৰক্ষী বিষয়া অভিজিৎ গৌৰৱক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি অাৰক্ষী অধীক্ষক ৰাজেন সিঙে তদন্তৰ খাতিৰত অপহৰণচক্ৰ সম্পূৰ্ণ তথ্য দিবলৈ অস্বীকাৰ কৰি অচিৰেই গোটেই চক্ৰটোকে গ্ৰেপ্তাৰ হ’ব বুলি মত প্ৰকাশ কৰিছে।