দিল্লীঃ বেংকৰ একাউণ্টত ন্যুনতম বেলেঞ্চ নৰখাসকলৰ বাবে দুখবৰ। এতিয়াৰপৰা একাউণ্টত নুন্যতম বেলেঞ্চ নাৰাখিলে জৰিমনা ভৰিব লাগিব গ্ৰাহকে। 

সকলোকে আচৰিত কৰি দেশৰ সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ ভাৰতীয় ষ্টেট বেংকে ঘোষণা কৰিছে নতুন নিয়ম। আগন্তুক বিত্তীয় বৰ্ষ অৰ্থাৎ ১ এপ্ৰিলৰপৰা কাৰ্যকৰী হ’বলগা এই নতুন নিয়মমতে ছেভিংছ একাউণ্টত ন্যুনতম ৰাশি নাৰাখিলে গ্ৰাহকে বেংকক দিব লাগিব জৰিমনা। এই জৰিমনা গ্ৰামীণ আৰু চহৰাঞ্চলৰ বাবে বেলেগ বেলেগ হ’ব।

সংবাদ মাধ্যমত পোৱা তথ্য অনুসৰি মহানগৰত বেংকৰ একাউণ্ট থকাসকলে ৫ হাজাৰ টকা ন্যুনতম ৰাশি একাউণ্টত নাৰাখিলে জৰিমনা ভৰিব লাগিব। নগৰ-চহৰ আদিৰ বাবে এই নুণ্যতম ৰাশি হ’ব ৩ হাজাৰ টকা। মফচলীয়া এলেকাৰ ক্ষেত্ৰত এই পৰিমাণ ২ হাজাৰ টকা হোৱাৰ বিপৰীতে গ্ৰামাঞ্চলত এই ৰাশি হ’ব ১ হাজাৰ টকা।

সঞ্চয়ী খাতাৰ পৰিচালন আৰু প্ৰণালী সম্পৰ্কীয় ব্যয় আংশিকভাৱে গ্ৰাহকৰপৰা আদায় কৰাৰ বাবেই এই পৰিকল্পনা হাতত লৈছে দেশৰ সৰ্ববৃহৎ ঋণদাতা বেংকটোৱে। উল্লেখ্য যে এছ বি আইত সম্প্ৰতি ২৫ কোটি চেভিংছ একাউণ্ট আছে।

বিমুদ্ৰাকৰণৰ পিছত বেংকটোত যথেষ্ট সংখ্যক একাউণ্ট খোলা হৈছে। এইবোৰৰ ভিতৰত শূন্য ৰাশি জমা থোৱা একাউণ্টো সোমাই আছে। এই একাউণ্টবোৰ পৰিচালনাৰ বাবে বছৰি এক বুজন পৰিমাণৰ ধন বেংকে ব্যয় কৰিবলগীয়া হয়। সেয়ে এই পদক্ষেপ লোৱা হৈছে বুলি জানিবপৰা গৈছে। 

উল্লেখ্য যে গ্ৰাহকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ২০১২ বৰ্ষত ন্যুনতম বেলেঞ্চৰ নৰখা একাউণ্ট হ’ল্ডাৰৰ ক্ষেত্ৰত থকা জৰিমনা ৰেহাই দিছিল। কিন্তু অহা ১ এপ্ৰিলৰপৰা নতুন নিয়ম জাৰি কৰাৰ ফলত এইক্ষেত্ৰত ৰেহাই নাপাব কোনো গ্ৰাহকে।