পূৱ বৰপেটাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ বিয়াগোম কেলেংকাৰী আৰু দুৰ্নীতিৰ কথা প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে একাংশ পঞ্চায়ত সভাপতি সদস্য-সচিব ৰঙা ঘৰৰ আলহী হোৱাৰ সময়তো, নাওঁ বুৰিলেও টিঙৰ পৰা ননমা কিছুমান সভাপতি, সদস্য-সচিব, বিষয়া কৰ্মচাৰীৰ দূৰ্নীতিয়ে অতিষ্ঠ কৰি তুলিছে পূৱ বৰপেটা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজক।
হিতাধিকাৰীৰ টকাৰে বিলাসী জীৱন কটোৱা এইসকল স্বৈৰাচাৰী দুৰ্নীতিপৰায়ণ লোকৰ বাবে সৰ্বসাধাৰণৰ জীৱন দূৰ্বিসহ হৈ পৰিছে। নামনি অসমৰ পূৱ বৰপেটাৰ ৪৭ নং চেঙা বিধান সভা সমষ্টিৰ ৩০ নং গোমা গাওঁ পঞ্চায়তৰ সভাপতি মঙ্গল খানৰ বিৰুদ্ধে স্বজন তোষণ, স্বৈৰাচাৰী নীতিত খৰ্গহস্ত হৈ জিলা উপায়ুক্ত, প্ৰকল্প সঞ্চালক, জিলা পৰিষদত আৰু খণ্ড উন্নয়ন বিষয়াক অভিযোগ দিয়াৰ উপৰিও তাৰাবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কেইবাজনো হিতাধিকাৰীয়ে।