newsnextone.com | বিহালীঃ ৰাজ্য চৰকাৰে উন্নয়নৰ যি শ্ল’গান শুনাই জনতাক আভুৱা ভাৰি আহিছে, এই প্ৰৱঞ্চনা আৰু বেছি দিন নিটিকে৷ সোণোৱাল চৰকাৰৰ দুটা বছৰৰ শাসন কালৰ পিছতে এনে মন্তব্য কৰিছে স্থানীয় ৰাইজে৷ দুৰ্নীতি নিবাৰণ কৰি দুৰ্নীতিমুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰ কথা চৰকাৰে উল্লেখ কৰি আহিলেও বাস্তৱ ক্ষেত্ৰত সেই সকলোবোৰ মাথো ফুটুকাৰ ফেন বুলি জনতাই অভিযোগ উত্থাপন কৰিবলৈ বাধ্য হৈছে৷

যি সময়ত প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই চাডেন ভিজিট কৰি দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ, বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নাটক ৰচিছিল সেই সময়ত খোদ মন্ত্ৰীগৰাকীৰ সমষ্টি বিহালীতে এচাম বিষয়া-ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰি অহা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল৷ শেহতীয়াকৈ এজাক বৰষুণৰ পিছতে প্ৰাক্তন জলসিঞ্চন মন্ত্ৰীগৰাকীৰ সমষ্টিত ৩.৫০ কোটি টকাৰে নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্পটো খহি পৰাত ৰাইজে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে, দুমাহ পূৰ্বে নিৰ্মান সম্পূৰ্ণ হৈছিল মন্ত্ৰী ৰঞ্জিত দত্তৰ সমষ্টিৰ বৰগাং নদীৰ গৰাখহনীয়া ৰোধৰ বাবে গাংমৌত নিৰ্মাণ কৰা কেনেলৰ কাম৷ ৩ কোটি ৫০ লাখ চৰকাৰী ধন ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ ম্যাদ মাত্ৰ দুমাহহে আছিল৷ ভৰ বাৰিষাৰ পূৰ্বেই এজাক বৰষুণত কেনেটোৰ পকী ৱাল সমূহ চপৰা চপৰে খহি পৰে৷ 

ৰাইজে অভিযোগ কৰা অনুসৰি কেনেলটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল মন্ত্ৰী ৰঞ্জিত দত্তৰ সোঁহাত স্বৰূপ এগৰাকী বিজেপি নেতাই৷ আনহাতে মন্ত্ৰীগৰাকীৰ একাংশ ঘনিষ্ঠ লোকো এই নিৰ্মাণ কাৰ্যৰ লগত জড়িত আছিল বুলি ৰাইৗজে অভিযোগ উত্থাপন কৰে৷ যাৰ ফলত মন্ত্ৰীগৰাকীৰ ছত্ৰছায়াতে প্ৰকল্পটো নিৰ্মাণত দুৰ্নীতি সংঘটিত হয়৷ মন্ত্ৰী ৰঞ্জিত দত্তই অন্য অঞ্চলত চাডেন ভিজিট কৰি নিজৰ সমষ্টিত ঘনিষ্ঠ ঠিকাদাৰে নিৰ্মাণ কৰা প্ৰকল্পটোৰ দুৰ্নীতি গাপ দিয়াৰ চেষ্টা চলাইছিল বুলিয়েই ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

প্ৰকল্পটোৰ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তিত খোদ ৰঞ্জিত দত্ত দুৰ্নীতিগ্ৰস্থ মন্ত্ৰী বুলি অভিযোগৰ আঙুলি টোৱায়৷ তুষাৰ বৰাই অভিযোগ উত্থাপন কৰি কয় যে মন্ত্ৰীত্ব লাভ কৰিয়েই ৰঞ্জিত দত্তই দুৰ্নীতিত নামি পৰে৷ চাডেন ভিজিটৰ নাটক ৰচি তলে তলে নিজে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ পৰা কমিছন আদায় কৰে বুলিও অভিযোগ উত্থাপন কৰে তুষাৰ বৰাই৷ 

মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ পূৰ্বৰ জলসিঞ্চন বিভাগৰ মুখ্য সচিব কোজেন্দ্ৰ দলেৰ জৰিয়তে দহ শতাংশ কমিচন লোৱা, ২০০৯-১০ বৰ্ষৰ কেগৰ প্ৰতিবেদনত দত্তৰ বিধায়ক পুঁজিৰ ২৩ লাখ ৭৮ হাজাৰ টকাৰ বিসংগতি ধৰা পৰা ইত্যাদি মন্ত্ৰী দত্তৰ প্ৰতিটো কামতেই দুৰ্নীতি জড়িত আছে বুলিও বিজ্ঞপ্তিৰ জৰিয়তে অভিযোগ উত্থাপন কৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই৷ তেওঁ ৰঞ্জিত দত্তৰ বিৰুদ্ধে চিবিআই তদন্ত দাবী কৰাৰ লগতে দত্তৰ পদত্যাগৰো দাবী তোলে।

ইফালে, প্ৰকল্পটোৰ নিৰ্মাণৰ পিছতে ৱালত ফাট মেলাত ৰাইজৰ অভিযোগৰ ভিত্তিত বিভাগীয় অভিযন্তা নিৰ্মাণস্থলীত উপস্থিত হৈ ঠিকাদাৰক পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও মন্ত্ৰীৰ সোঁহাত স্বৰুপ ঠিকাদাৰে ৱাল সমূহত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি অৱলম্বন কৰা সোণোৱাল চৰকাৰে দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া এক লক্ষনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে।